Assamese Abridged Explanation of the Quran
16:35 - 16:35

আল্লাহৰ ইবাদতত আনক অংশী স্থাপন কৰা লোকসকলে কয়ঃ যদি আল্লাহে বিচাৰিলেহেঁতেন যে, আমি কেৱল তেওঁৰেই এককভাৱে ইবাদত কৰিব লাগে, আৰু তেওঁৰ লগত আন কাকো অংশী কৰিব নালাগে তেন্তে আমি অৱশ্যে নকৰিলোহেঁতেন, আনকি আমাৰ পূৰ্বে আমাৰ পিতৃপুৰুষসকলেও নকৰিলেহেঁতেন। ঠিক সেইদৰে আমি কোনো বস্তুক হাৰাম কৰাটো যদি তেওঁ নিবিচাৰিলেহেঁতেন তেন্তে আমি সেইটোক হাৰাম কৰিব নোৱাৰিলোহেঁতেন। এনেকুৱা ঠুনুকা যুক্তি পূৰ্বৱৰ্তী কাফিৰসকলেও উত্থাপন কৰিছিল। এতেকে ৰাছুলসকলৰ দায়িত্ব হৈছে স্পষ্টৰূপে পৌঁচাই দিয়া, যিটো পৌঁচাই দিয়াৰ আদেশ তেওঁলোকক প্ৰদান কৰা হৈছে। আৰু তেওঁলোকে এই দায়িত্ব পালন কৰিছে। কাফিৰসকলে ভাগ্যৰ অজুহাতো দেখুৱাব নোৱাৰিব, কিয়নো আল্লাহে সিহঁতক ইচ্ছা আৰু বিকল্প প্ৰদান কৰিছে, লগতে সিহঁতৰ প্ৰতি ৰাছুলো প্ৰেৰণ কৰিছে।