Assamese Abridged Explanation of the Quran
16:39 - 16:39

আল্লাহে কিয়ামতৰ দিনা সকলো লোককে পুনৰ্জীৱিত কৰিব, যাতে সেই বিষয়বোৰৰ বাস্তৱিকতা স্পষ্ট কৰি দিয়ে, যিবোৰকলৈ সিহঁতে মতানৈক্য কৰিছিল, যেনেঃ তাওহীদ, পুনৰুত্থান আৰু নুবুওৱত সম্পৰ্কে। যাতে কাফিৰসকল আল্লাহৰ অংশীদাৰ স্থাপনৰ ক্ষেত্ৰত আৰু পুনৰুত্থানৰ বিষয়টোক অস্বীকাৰ কৰাৰ কাৰণে মিছলীয়া প্ৰমাণিত হয়।