সিহঁতৰ দাবী খণ্ডন কৰিবলৈ আল্লাহে আৰু এটা উদাহৰণ দাঙি ধৰিছেঃ দুজন ব্যক্তি আছে। তাৰে এজন হৈছে বোবা, কথা ক’ব নোৱাৰে, শুনিবও নোৱাৰে আৰু বুজিবও নোৱাৰে। এনেকুৱা বিৱশ যিয়ে নিজৰো উপকাৰ কৰিব নোৱাৰে আৰু আনৰো উপকাৰ সাধিব নোৱাৰে। সি নিজৰ অভিভাৱকৰ ওপৰত এটা ডাঙৰ বোজাস্বৰূপ। তাক য’তেই প্ৰেৰণ কৰা নহওঁক কিয়, সি কেতিয়াও কল্যাণ কঢ়িয়াই আনিব নোৱাৰে। (এতিয়া কোৱা) এনেকুৱা এজন ব্যক্তি, সেই ব্যক্তিৰ দৰে হ’ব পাৰে নেকি, যিয়ে ভালদৰে শুনিব পাৰে, ভালদৰে কথা ক’ব পাৰে, আনকি আনকো উপকাৰ কৰিব পাৰে, মানুহক ন্যায়ৰ আদেশ দিয়ে, নিজেও সঠিক পথত পৰিচালিত, যি পথত কোনো ধৰণৰ সন্দেহ নাই আৰু বক্ৰতাও নাই? হে মুশ্বৰিকসকল! তোমালোকে আল্লাহক (যিজন প্ৰতাপ আৰু সকলো প্ৰকাৰ পৰিপূৰ্ণ গুণাৱলীৰ অধিকাৰী সত্ত্বাক) কেনেকৈ সেইবোৰ মূৰ্তিৰ লগত তুলনা কৰা, যিবোৰে একোৱে শুনিব নোৱাৰে আৰু কথাও ক’ব নোৱাৰে, আনকি উপকাৰো কৰিব নোৱাৰে আৰু বিপদ-আপদো দূৰ কৰিব নোৱাৰে?