Assamese Abridged Explanation of the Quran
16:77 - 16:77

আকাশমণ্ডল আৰু পৃথিৱীৰ গোপন তথ্যৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত আছে। এই জ্ঞান কেৱল তেওঁৰ বাবে নিৰ্দিষ্ট, তেওঁৰ কোনো সৃষ্টিয়েই এই বিষয়ে অৱগত নহয়। কিয়ামত সংঘটিত হোৱাৰ সঠিক সময়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত। ই ইমান ক্ষীপ্ৰতাৰে সংঘটিত হ'ব যিমান সময় পলক বন্ধ কৰোঁতে আৰু খোলোতে লাগে। বৰং ইয়াতকৈও নিকটৱৰ্তী। নিশ্চয় আল্লাহ সকলো বিষয়তে ক্ষমতাৱান। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ যেতিয়া কোনো বস্তুক অস্তিত্ব প্ৰদান কৰিব বিচাৰে তেতিয়া কেৱল কয়ঃ “হ” তৎক্ষণাত সেইটো হৈ যায়।