Assamese Abridged Explanation of the Quran
16:79 - 16:79

মুশ্বৰিকসকলে চৰাই-চিৰকটিক দেখা নাপায় নেকি যে, আল্লাহে সেইবোৰক পাখি প্ৰদান কৰি আৰু বায়ুৰ ভৰ হ্ৰাস কৰি তথা পাখি প্ৰসাৰ কৰা আৰু গুটাই লোৱাৰ শিক্ষা প্ৰদান কৰি কেনেকৈ উৰি ফুৰাৰ যোগ্য বনাইছে? শূন্যত সেইবোৰক কেৱল ক্ষমতাৱান আল্লাহেই ধৰি ৰাখে। নিশ্চয় এই উৰাৰ প্ৰশিক্ষণ আৰু মাটিত পৰি যোৱাৰ পৰা ৰক্ষা কৰাৰ মাজত সেইসকল লোকৰ বাবে প্ৰমাণ আছে, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই এইবোৰ শিক্ষা আৰু প্ৰমাণৰ দ্বাৰা উপকৃত হয়।