Assamese Abridged Explanation of the Quran
16:80 - 16:80

তোমালোকে শিল তথা অন্যান্য বস্তু আদিৰে নিৰ্মাণ কৰা তোমালোকৰ ঘৰসমূহক আল্লাহেই থকাৰ বাবে শান্তিস্থল বনাইছে। উট, গৰু আৰু ছাগলীৰ চামৰাৰে নিৰ্মিত শিবিৰ বনাইছে, যিবোৰ তোমালোকে ভ্ৰমণত তথা অন্যান্য স্থলত অতি সহজেই কঢ়িয়াই লৈ যাব পাৰা। ক’ৰবাত অৱস্থান কৰিলে অতি সহজেই তম্বু সাজিব পাৰা। লগতে ছাগলী, উট আৰু ভেড়াৰ ঊণেৰে তোমালোকৰ বাবে বনাইছে ঘৰোৱা সামগ্ৰী, ঊণী কাপোৰ, চাদৰ আদি। যিবোৰৰ দ্বাৰা তোমালোকে এটা নিৰ্দিষ্ট সময়লৈকে উপকৃত হ'ব পাৰা।