Assamese Abridged Explanation of the Quran
16:81 - 16:81

আল্লাহেই তোমালোকৰ সুবিধাৰ্থে গৰমৰ পৰা ৰক্ষা পাবলৈ গছ-গছনি আৰু ঘৰ আদিৰ ছাঁ বনাইছে। তোমালোকৰ বাবে পাহাৰত সুৰঙ, গুহা আদি বনাইছে, য’ত তোমালোকে শীত, গৰম আৰু শত্ৰুৰ পৰা আত্মগোপন কৰা। তোমালোকক সূতা তথা অন্যান্য কাপোৰ প্ৰদান কৰিছে, যিবোৰৰ দ্বাৰা তোমালোকে শীত আৰু গৰমৰ পৰা ৰক্ষা পোৱা। আৰু তোমালোকক বৰ্ম প্ৰদান কৰিছে, যিটো তোমালোকক যুদ্ধত শত্ৰুৰ আঘাতৰ পৰা ৰক্ষা কৰে। যিদৰে আল্লাহে তোমালোকক উক্ত নিয়ামতবোৰ প্ৰদান কৰিছে, ঠিক সেইদৰে তেওঁ তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰিব, যাতে তোমালোকে কেৱল আল্লাহৰেই আনুগত্য কৰা, আৰু তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰা।