Assamese Abridged Explanation of the Quran
16:83 - 16:83

মুশ্বৰিকসকলে আল্লাহৰ নিয়ামতসমূহক ভালদৰেই চিনি পায়, যিবোৰ নিয়ামত আল্লাহে সিহঁতক প্ৰদান কৰিছে, তাৰে অন্যতম এটা নিয়ামত হৈছেঃ সিহঁতৰ প্ৰতি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰণ। কিন্তু সিহঁতে তেওঁৰ নিয়ামতসমূহৰ কৃতজ্ঞতা নকৰাকৈ অৱজ্ঞা কৰে আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰে। সিহঁতৰ মাজৰ অধিকাংশই আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰে।