Assamese Abridged Explanation of the Quran
16:84 - 16:84

হে ৰাছুল! স্মৰণ কৰক, যিদিনা আল্লাহে প্ৰত্যেক সম্প্ৰদায়ৰ ৰাছুলক সেই সম্প্ৰদায়ৰ মুমিনসকলৰ ঈমান আৰু কাফিৰসকলৰ কুফৰীৰ সাক্ষীৰূপে উপস্থাপন কৰিব। সেইদিনা কোনো কাফিৰে নিজৰ কুফৰীৰ পৰা ৰক্ষা পাবলৈ অজুহাত দেখুৱাব নোৱাৰিব, আনহাতে আল্লাহৰ সন্তুষ্টিমূলক আমল কৰিবলৈ পৃথিৱীতো উভতি আহিব নোৱাৰিব। কিয়নো আখিৰাত হৈছে হিচাপ-নিকাচৰ ঠাই, আমলৰ ঘৰ নহয়।