Assamese Abridged Explanation of the Quran
16:86 - 16:86

মুশ্বৰিকসকলে কিয়ামতৰ দিনা যেতিয়া সিহঁতৰ সেই উপাস্যবোৰক প্ৰত্যক্ষ কৰিব, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে পূজা পাঠ কৰিছিল, তেতিয়া সিহঁতে ক'বঃ হে আমাৰ প্ৰতিপালক! তোমাক এৰি আমি এইবোৰকে পূজা-পাঠ কৰিছিলো। এইটো এইকাৰণে ক'ব, যাতে সিহঁতৰ গুনাহৰ বোজা সেই উপাস্যবোৰৰ কান্ধত জাপি দিয়ে। ইয়াৰ পিছত আল্লাহে সিহঁতৰ উপাস্যবোৰক বাক শক্তি প্ৰদান কৰিব, ফলত উপাস্যবোৰে সিহঁতৰ দাবী খণ্ডন কৰি ক'বঃ হে মুশ্বৰিকসকল! নিশ্চয় তোমালোক আল্লাহৰ ইবাদতত অংশী স্থাপন কৰাৰ ক্ষেত্ৰত মিছলীয়া আছিলা, কাৰণ তেওঁৰ বাহিৰে উপাসনাৰ যোগ্য তেওঁৰ কোনো অংশীয়েই নাই।