নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলক ন্যায়ৰ আদেশ দিয়ে, যাতে বান্দাই আল্লাহৰ আৰু বান্দাসকলৰ হক আদায় কৰে। মীমাংসাৰ সময়ত অন্যায়ভাৱে যাতে কাৰোবাক আন কাৰোবাৰ ওপৰত প্ৰাধান্য নিদিয়ে। লগতে উপকাৰৰ আদেশ দিয়ে, যাতে বান্দাই এনেকুৱা উপকাৰ কৰে যিটো তাৰ বাবে জৰুৰী নহয়, যেনেঃ ইচ্ছানুযায়ী ব্যায় কৰা আৰু অন্যায়কাৰীক ক্ষমা কৰি দিয়া। আত্মীয়সকলক সিহঁতৰ প্ৰয়োজনীয় বস্তু প্ৰদান কৰাৰ আদেশ দিয়ে। আৰু প্ৰত্যেক বেয়া কৰ্মৰ পৰা নিষেধ কৰে, সেই কৰ্মৰ সম্পৰ্ক কথাৰ লগতে হওক যেনেঃ বেয়া কথা কোৱা। অথবা কৰ্মৰ লগত, যেনেঃ ব্যভিচাৰ। আৰু সেই কৰ্মৰ পৰাও নিষেধ কৰে যিটো চৰীয়তৰ দৃষ্টিত অপছন্দনীয়, প্ৰত্যেক পাপকৰ্ম ইয়াৰ অন্তৰ্ভুক্ত। মানুহৰ প্ৰতি অন্যায় আৰু অহংকাৰ কৰিবলৈও নিষেধ কৰে। আল্লাহে এই আয়াতত তোমালোকক যিবোৰ বিষয়ৰ আদেশ দিছে আৰু যিবোৰ কৰ্মৰ পৰা নিষেধ কৰিছে, সেইবোৰ হৈছে তোমালোকৰ প্ৰতি তেওঁৰ উপদেশ। যাতে তোমালোকে এইবোৰ উপদেশ মানি চলা।