Assamese Abridged Explanation of the Quran
16:94 - 16:94

তোমালোকে শপতক ঢাল বনাই ইজনে সিজনক প্ৰৱঞ্চনা নকৰিবা। এনেকুৱা যাতে নহয় যে, প্ৰবৃত্তিৰ অনুসৰণ কৰি যেতিয়া তেতিয়াই শপত ভঙ্গ কৰিবা আৰু যেতিয়া ইচ্ছা তেতিয়াই পূৰণ কৰিবা। যদি তোমালোকে এনেকুৱা কৰা তেন্তে সঠিক পথত প্ৰতিষ্ঠিত হোৱাৰ পিছত আকৌ তোমালোকৰ ভৰি বিচলিত হ'ব। আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট হোৱাৰ কাৰণে আৰু আনকো পথভ্ৰষ্ট কৰাৰ ফলত তোমালোকে শাস্তি ভোগ কৰিবা, লগতে তোমালোকৰ বাবে থাকিব অতিৰিক্ত শাস্তি।