Assamese Abridged Explanation of the Quran
16:95 - 16:95

স্বল্পমূল্যৰ বিনিময়ত তোমালোকে আল্লাহৰ লগত কৰা অঙ্গীকাৰ ভঙ্গ নকৰিবা, আৰু সেইটো পূৰণ কৰাৰ পৰা বিৰত নাথাকিবা। জানি থোৱা! আল্লাহে পৃথিৱীত যি সহায়-সহযোগিতা আৰু ধন-সম্পদ প্ৰদান কৰিব, লগতে আখিৰাতত তেওঁৰ ওচৰত যি চিৰস্থায়ী নিয়ামতবোৰ আছে, এই সকলোবোৰ অঙ্গীকাৰ ভঙ্গৰ ফলত লাভ কৰা নগণ্য বিনিময়ৰ তুলনাত অতি উত্তম।