Assamese Abridged Explanation of the Quran
16:100 - 16:100

কুমন্ত্ৰণাৰ ক্ষেত্ৰত চয়তানৰ প্ৰভাৱ সেইসকল লোকৰ ওপৰত পৰে, যিসকলে তাক নিজৰ অভিভাৱক বনাই লৈছে, আৰু তাৰ কুমন্ত্ৰণাৰ অনুসৰণ কৰে। আৰু যিসকলে চয়তানৰ জালত পৰি আল্লাহৰ লগত শ্বিৰ্ক কৰে আৰু তেওঁৰ লগত আনক অংশীদাৰ স্থাপন কৰি তাৰ পূজা-পাঠ কৰে।