Assamese Abridged Explanation of the Quran
16:104 - 16:104

নিশ্চয় যিসকলে আল্লাহৰ তৰফৰ অৱতীৰ্ণ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতে যেতিয়ালৈকে এই অভ্যাস পৰিত্যাগ নকৰিব তেতিয়ালৈকে আল্লাহে সিহঁতক সঠিক পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান নকৰিব। আল্লাহৰ লগত কুফৰী কৰাৰ কাৰণে আৰু তেওঁৰ আয়াতসমূহ অস্বীকাৰ কৰাৰ কাৰণে সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।