Assamese Abridged Explanation of the Quran
16:108 - 16:108

ঈমান পোষণ কৰাৰ পিছত এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই আঁতৰি যায়, যিসকলৰ অন্তৰত আল্লাহে মোহৰ মাৰি দিছে, সেইকাৰণেই সিহঁতে উপদেশ বুজি নাপায়। সিহঁতৰ কাণত মোহৰ মাৰি দিছে, ফলত সিহঁতে উপকৃত হোৱাৰ উদ্দেশ্যে শুনিব নোৱাৰে। সিহঁতৰ চকুত মোহৰ মাৰি দিছে, ফলত সিহঁতে ঈমানৰ প্ৰমাণ সাব্যস্ত কৰা নিদৰ্শনসমূহ চাব নোৱাৰে। এনেকুৱা লোকসকলেই সৌভাগ্য আৰু দুৰ্ভাগ্যৰ কাৰণসমূহৰ পৰা অমনোযোগী। লগতে সিহঁতে সেই শাস্তিৰ পৰাও অমনোযোগী, যিটো সিহঁতৰ বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে।