Assamese Abridged Explanation of the Quran
16:110 - 16:110

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক সেইসকল দুৰ্বল মুমিনৰ প্ৰতি ক্ষমাশীল তথা তেওঁলোকৰ প্ৰতি দয়াৱান যিসকলে মক্কাৰ মুশ্বৰিকসকলৰ শাস্তি আৰু দ্বীন সম্পৰ্কীয় বিভিন্ন নিৰ্যাতন সহ্য কৰাৰ পিছত মদীনালৈ হিজৰত কৰিছে, আনকি তেওঁলোকে ঈমানৰ প্ৰতি সন্তুষ্ট থকাৰ পিছতো বাধ্য হৈ কুফৰী বাক্য উচ্চাৰণ কৰিবলগীয়া হৈছিল। তাৰ পিছত তেওঁলোকে আল্লাহৰ পথত জিহাদ কৰিলে যাতে আল্লাহৰ বাক্য সুউচ্চ থাকে আৰু কাফিৰসকলৰ বাক্য নিম্নগামী হয়। লগতে তেওঁলোকে সকলো ধৰণৰ কঠিন পৰিস্থিতিত ধৈৰ্য ধাৰণ কৰিছিল। তেওঁলোকে এই পৰীক্ষাৰে পৰীক্ষিত হোৱাৰ পিছত আৰু বিভিন্ন শাস্তিৰ সন্মুখীন হোৱাৰ পিছত, আনকি মুখেৰে কুফৰী বাক্য উচ্চাৰণ কৰাৰ পিছতো নিশ্চয় আপোনাৰ প্ৰতিপালক তেওঁলোকৰ প্ৰতি ক্ষমাশীল আৰু দয়াৱান, কাৰণ তেওঁলোকে বাধ্যত পৰিহে এনেকুৱা কুফৰী বাক্য উচ্চাৰণ কৰিছে।