Assamese Abridged Explanation of the Quran
16:111 - 16:111

হে ৰাছুল! স্মৰণ কৰক সেই দিৱসটো, যিদিনা প্ৰত্যেক মানুহে নিজৰ বিষয়ে বাদানুবাদ কৰিব। কোনেও বেলেগৰ হৈ বাদানুবাদ নকৰিব। প্ৰত্যেককে তাৰ ভাল বেয়া কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হ'ব। সিহঁতৰ ছোৱাব হ্ৰাস কৰি নাইবা গুনাহ বৃদ্ধিৰ দ্বাৰা সিহঁতৰ কোনো অন্যায় কৰা নহ'ব।