Assamese Abridged Explanation of the Quran
16:113 - 16:113

মক্কাৰ অধিবাসীসকলৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল আহিল, যাৰ সত্যবাদিতা আৰু আমানতদাৰিতা সম্পৰ্কে সিহঁত অধিক অৱগত আছিল। তেওঁ হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। কিন্তু সিহঁতে তেওঁক আৰু তেওঁৰ প্ৰতিপালকে তেওঁৰ ওপৰত যি অৱতীৰ্ণ কৰিছিল সেয়া অস্বীকাৰ কৰিলে। ফলস্বৰূপে সিহঁতৰ ওপৰত ভয় আৰু দুৰ্ভিক্ষৰূপে আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ল। সিহঁত নিজেই নিজৰ ওপৰত অন্যায় কৰিছিল, কাৰণ সিহঁতে আল্লাহৰ লগত শ্বিৰ্ক কৰি আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰি নিজকে বিনাশৰ গৰালত পেলাইছিল।