Assamese Abridged Explanation of the Quran
16:114 - 16:114

গতিকে হে বান্দাসকল! তোমালোকে আল্লাহে প্ৰদান কৰা খোৱাৰ উপযোগী হালাল বস্তুবোৰ ভক্ষণ কৰা। লগতে আল্লাহৰ নিয়ামতক নিয়ামত গণ্য কৰি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা, আৰু সেইবোৰক তেওঁৰ সন্তুষ্টিমূলক কৰ্মত ব্যৱহাৰ কৰা, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ লগত আনক অংশী স্থপান নকৰা।