Assamese Abridged Explanation of the Quran
16:116 - 16:116

হে মুশ্বৰিকসকল! তোমালোকে নিজ মুখেৰে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি এই কথা নক'বা যে, এইটো বস্তু হালাল আৰু এইটো বস্তু হাৰাম। এই উদ্দেশ্যত যে, আল্লাহে যিটো বস্তু হালাল কৰা নাই সেইটো যাতে হালাল হৈ যায় আৰু তেওঁ যিটো বস্তু হাৰাম কৰা নাই সেইটো যাতে হাৰাম হৈ যায়। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰে সিহঁতে কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰিব। লগতে ভয়-ভীতিৰ পৰাও ৰক্ষা নাপাব।