Assamese Abridged Explanation of the Quran
16:118 - 16:118

বিশেষকৈ আমি ইয়াহুদীসকলৰ ওপৰত যিবোৰ বস্তু হাৰাম কৰিছিলো, তাৰ বৰ্ণনা ইতিপূৰ্বে আমি আপোনাৰ সন্মুখত দাঙি ধৰিছো। (চাওকঃ ছুৰা আনআমৰ ১৪৬ নং আয়াত) এইবোৰ বস্তু হাৰাম কৰি আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলো, বৰং সিহঁতেই শাস্তিযোগ্য কৰ্ম কৰি নিজেই নিজৰ ওপৰত অন্যায় কৰিছিল। ফলত আমি সিহঁতক সিহঁতৰ অবাধ্যতাৰ প্ৰতিফল দিছিলো, আৰু শাস্তিৰূপে আমি সিহঁতৰ ওপৰত এই বস্তুবোৰ হাৰাম কৰি দিছিলো।