Assamese Abridged Explanation of the Quran
16:125 - 16:125

হে ৰাছুল! আপুনি আৰু আপোনাৰ অনুসাৰী মুমিনসকলে দ্বীন ইছলামৰ প্ৰতি মানুহক আহ্বান কৰক, সম্বোধন কৰা ব্যক্তিৰ অৱস্থা, তাৰ বোধ শক্তি আৰু মানি চলাৰ আগ্ৰহৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত। ভয় তথা প্ৰেৰণাযুক্ত উপদেশৰ সৈতে ইছলামৰ দাৱাত প্ৰদান কৰা উচিত। উত্তম কথা আৰু উত্তম বিচাৰ, লগতে উত্তম সংস্কাৰৰ দ্বাৰা বাদানুবাদ কৰা উচিত। কাৰণ হিদায়ত দিয়াটো আপোনাৰ কৰ্তব্য নহয়, আপোনাৰ কৰ্তব্য হৈছে কেৱল পৌঁচাই দিয়া। নিশ্চয় আপোনাৰ প্ৰতিপালকে ভালকৈ জানে দ্বীন ইছলামৰ পৰা কোন ব্যক্তি বিভ্ৰান্ত হৈছে আৰু কোন সঠিক পথত পৰিচালিত। এতেকে আপুনি সিহঁতৰ প্ৰতি আক্ষেপ কৰি নিজৰ প্ৰাণ হানি নকৰিব।