Assamese Abridged Explanation of the Quran
17:5 - 17:5

এতেকে সিহঁতৰ ফালৰ পৰা যেতিয়া প্ৰথম উপদ্ৰৱ প্ৰকাশ পাইছিল, তেতিয়া আমি সিহঁতৰ ওপৰত আমাৰ এনেকুৱা বান্দাক জাপি দিছিলো যিসকল আছিল অধিক শক্তিশালী আৰু অত্যন্ত জালিম। তেওঁলোকে সিহঁতক হত্যা কৰিছিল আৰু খেদি পঠিয়াইছিল। এতেকে তেওঁলোক সিহঁতৰ নগৰত প্ৰৱেশ কৰিছিল, আৰু যি পথেৰে অতিক্ৰম কৰিছিল বিনাশ কৰি গৈছিল। আল্লাহৰ এই প্ৰতিশ্ৰুতি অৱশ্যে প্ৰতিফলিত হ'বলগীয়া আছিল।