Assamese Abridged Explanation of the Quran
17:11 - 17:11

মানুহে অজ্ঞানতাবশতঃ তথা ক্ৰোধান্বিত হৈ নিজৰ বিৰুদ্ধে তথা নিজৰ সন্তান-সন্ততি আৰু ধন-সম্পদৰ বিৰুদ্ধে ঠিক সেইদৰেই বদ্দুআ কৰে যিদৰে নিজৰ বাবে কল্যাণৰ দুআ কৰে। যদি আমি তাৰ বদ্দুআ কবূল কৰি লওঁ তেন্তে সি ধ্বংস হৈ যাব, তাৰ ধন-সম্পদ আৰু সন্তান-সন্ততি বিনষ্ট হৈ যাব। দৰাচলতে মানুহ জন্মগতভাৱে ক্ষিপ্ৰতাপ্ৰেমী। সেয়ে কেতিয়াবা কেতিয়াবা মানুহে সেই বিষয়টোকলৈ খৰখেদা কৰে যিটো তাৰ বাবে ক্ষতিকৰ।