Assamese Abridged Explanation of the Quran
17:15 - 17:15

যিয়ে হিদায়তপ্ৰাপ্ত হৈ ঈমানৰ পথত পৰিচালিত হৈছে, হিদায়তৰ প্ৰতিদান সিয়েই লাভ কৰিব। আনহাতে যিয়ে পথভ্ৰষ্ট হৈছে, পথভ্ৰষ্টতাৰ শাস্তিও সিয়েই ভোগ কৰিব। কোনো প্ৰাণীয়েই আন প্ৰাণীৰ গুনাহৰ বোজা বহন নকৰিব। আমি কোনো সম্প্ৰদায়কেই সেই সময় পৰ্যন্ত শাস্তি নিদিওঁ যেতিয়ালৈকে সিহঁতৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰি সিহঁতৰ বিপক্ষে প্ৰমাণ সাব্যস্ত নকৰোঁ।