Assamese Abridged Explanation of the Quran
17:28 - 17:28

যদি তুমি তেওঁলোকক একো দিব নোৱাৰা, কাৰণ দিব পৰা তোমাৰ ওচৰত যদি একো নাথাকে, আৰু তুমি অপেক্ষাত আছা যে, আল্লাহে তোমাৰ বাবে জীৱিকাৰ কোনো পথ মুকলাই দিব, সেই পৰিস্থিতিতো তুমি তেওঁলোকৰ সৈতে বিনম্ৰভাৱে কথা ক'বা। উদাহৰণস্বৰূপে তেওঁলোকৰ বাবে জীৱিকাৰ প্ৰশস্ততাৰ দুআ কৰা অথবা আল্লাহৰ ফালৰ পৰা জীৱিকাৰ কোনো উপায় পোৱাৰ পিছত প্ৰদান কৰিবা বুলি প্ৰতিশ্ৰুতি দিয়া।