Assamese Abridged Explanation of the Quran
17:33 - 17:33

তোমালোকে সেই প্ৰাণীকো হত্যা নকৰিবা যাক আল্লাহে ঈমান অথবা নিৰাপত্তজনিত কাৰণত সুৰক্ষা প্ৰদান কৰিছে। আনহাতে মুৰতাদ, অথবা বিবাহিত ব্যভিচাৰ-ব্যভিচাৰিণী নাইবা কিচাচৰ ফলত হত্যাৰ বিষয়টো সুকীয়া। কিন্তু অন্যায়ভাৱে হত্যাকৃত ব্যক্তিৰ উত্তৰাধিকাৰীক আমি প্ৰতিশোধ গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিছো। তেওঁলোকে হত্যাকাৰীৰ মৃত্যদণ্ড দাবী কৰিব পাৰে, নাইবা ৰক্তপণ নোলোৱাকৈ ক্ষমা কৰি দিব পাৰে অথবা ৰক্তপণ গ্ৰহণ কৰিও ক্ষমা কৰিব পাৰে। কিন্তু প্ৰতিশোধৰ বাবে আল্লাহে যি নিয়ম বান্ধি দিছে সেই ক্ষেত্ৰত কোনেও যাতে সীমালঙ্ঘন নকৰে। উদাহৰণস্বৰূপে, হত্যাকাৰীৰ অংগ প্ৰত্যংগ কাটি পেলোৱা, অথবা হত্যাকাৰীয়ে যি অস্ত্ৰৰে হত্যা কৰিছে সেইটোৰ বাহিৰে বেলেগ অস্ত্ৰৰে হত্যা কৰা, নাইবা হত্যাকাৰীৰ বাহিৰে বেলেগক হত্যা কৰা ইত্যাদি। নিশ্চয় তেওঁ আল্লাহৰ সহায়-সহযোগিতা পোৱাৰ যোগ্য।