Assamese Abridged Explanation of the Quran
17:34 - 17:34

এতীম বা মাউৰা ল’ৰা ছোৱালী প্ৰাপ্তবয়স্কত উপনীত নোহোৱালৈকে সিহঁতৰ ধন-সম্পদ সুৰক্ষিত ৰখাৰ উদ্দেশ্যে আৰু বৃদ্ধি কৰাৰ বাহিৰে বেলেগ কামত ব্যৱহাৰ নকৰিবা। আল্লাহ আৰু তোমালোকৰ মাজৰ অঙ্গীকাৰ তথা তোমালোকৰ আৰু বান্দাসকলৰ মাজৰ প্ৰতিশ্ৰুতি পৰিপূৰ্ণৰূপে পূৰণ কৰিবা। নিশ্চয় আল্লাহে কিয়ামতৰ দিনা প্ৰতিশ্ৰুতি দিয়া ব্যক্তিক প্ৰশ্ন কৰিব যে, সি প্ৰতিশ্ৰুতি পালন কৰিছেনে নাই। যদি প্ৰতিশ্ৰুতি পালন কৰি থাকে তেন্তে ছোৱাব পাব আৰু যদি পালন কৰা নাই তেন্তে শাস্তিৰ সন্মুখীন হ'ব।