Assamese Abridged Explanation of the Quran
17:36 - 17:36

হে আদম সন্তান! যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেইটোৰ অনুসৰণ নকৰিবা। অন্যথা তোমালোক অনুমান তথা আন্দাজৰ অনুসাৰী হৈ যাবা। নিশ্চয় মানুহক সিহঁতৰ চকু, কাণ আৰু অন্তৰ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সেইবোৰক ভাল কামত ব্যৱহাৰ কৰিছে নে বেয়া কামত। যদি ভাল কামত ব্যৱহাৰ কৰিছে তেন্তে ছোৱাব পাব, আনহাতে যদি বেয়া কামত ব্যৱহাৰ কৰিছে তেন্তে শাস্তি ভোগ কৰিব।