Assamese Abridged Explanation of the Quran
17:55 - 17:55

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক প্ৰত্যেক সেই বস্তু সম্পৰ্কে পৰিপূৰ্ণ অৱগত যিবোৰ আকাশমণ্ডল আৰু পৃথিৱীত আছে, তথা তেওঁ সেইবোৰৰ পৰিস্থিতি সম্পৰ্কেও অৱগত, লগতে এই কথাও জানে যে সেইবোৰ কিহৰ যোগ্য। নিশ্চয় আমি কিছুমান নবীক আন কিছুমান নবীৰ ওপৰত প্ৰাধান্য দিছো অধিক অনুসাৰী প্ৰদান কৰি আৰু গ্ৰন্থ প্ৰদান কৰি। আৰু দাঊদক প্ৰদান কৰিছিলো এখন গ্ৰন্থ, যাৰ নাম হৈছে ঝাবুৰ।