Assamese Abridged Explanation of the Quran
17:56 - 17:56

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, হে মুশ্বৰিকসকল! তোমালোকে সিহঁতক আহ্বান কৰা যিবোৰক তোমালোকে উপাস্য বুলি ধাৰণা কৰা। যদি তোমালোকৰ প্ৰতি কোনো বিপদ-আপদ আহে, সেইটোক তোমালোকৰ পৰা দূৰ কৰাৰ সিহঁতৰ ক্ষমতা নাই। আনকি সেইটোক স্থানান্তৰো কৰিব নোৱাৰে, এতেকে যিজন বিৱশ, সি কেতিয়াও উপাস্য হ'ব নোৱাৰে।