হে ৰাছুল! স্মৰণ কৰক সেই সময়ক, যেতিয়া আমি কৈছিলোঃ নিশ্চয় আপোনাৰ প্ৰতিপালকে ক্ষমতাৰ দ্বাৰা মানুহক পৰিবেষ্টন কৰি আছে, সিহঁত তেওঁৰ অধীনস্থ। নিশ্চয় আল্লাহে আপোনাক সিহঁতৰ পৰা সুৰক্ষা প্ৰদান কৰিব। এতেকে আপুনি সেইটো প্ৰচাৰ কৰি যাওক, যিটো প্ৰচাৰ কৰাৰ আপোনাক আদেশ দিয়া হৈছে। মিৰাজৰ ৰাতি আপোনাক প্ৰকাশ্যভাৱে যিবোৰ নিদৰ্শন দেখুৱাইছো, সেইবোৰক মানুহৰ বাবে পৰীক্ষামূলক কৰি দিয়া হৈছে, সিহঁতে ইয়াৰ সত্যতাক স্বীকাৰ কৰে নে অস্বীকাৰ কৰে। কোৰআনত আমি যাক্কুম গছ সম্পৰ্কে যি বৰ্ণনা কৰিছো যে, সেই গছজোপা জাহান্নামৰ একেবাৰে নিম্ন স্তৰত উৎপত্তি হয়, প্ৰকৃততে এইটো এটা সিহঁতৰ বাবে পৰীক্ষা। যদি সিহঁতে এই দুটা নিদৰ্শনক নামানে তেন্তে সিহঁতে অন্যান্য নিদৰ্শনকো নামানিব। দৰাচলতে নিদৰ্শন অৱতীৰ্ণ কৰি আমি সিহঁতক ভীত-সন্ত্ৰস্ত কৰিব বিচাৰো, কিন্তু ইয়াৰ দ্বাৰা সিহঁতৰ কুফৰীহে বৃদ্ধি পায় আৰু সিহঁত গুনাহৰ ফালে আৰু অধিক অগ্ৰসৰ হয়।