Assamese Abridged Explanation of the Quran
17:64 - 17:64

যা তোক অৱকাশ দিয়া হ'ল, সিহঁতৰ মাজৰ পৰা যাক ইচ্ছা নিজৰ আকৰ্ষিত কণ্ঠেৰে গুনাহৰ ফালে আকৰ্ষিত কৰগৈ। সিহঁতৰ বিৰুদ্ধে তোৰ অনুসাৰীসকলক খোজকঢ়াই তথা ঘোঁৰাত আৰোহণ কৰাই থিয় কৰোৱা। প্ৰত্যেক চৰীয়ত বিৰোধী কৰ্মত ব্যৱহাৰ কৰা সিহঁতৰ ধন-সম্পত্তিক সৌন্দৰ্য প্ৰদান কৰি সিহঁতৰ অংশীদাৰ হৈ যা। সিহঁতৰ সন্তান-সন্ততিৰ ক্ষেত্ৰতো অংশীদাৰ হৈ যা, মিছা দাবী কৰোৱাই অথবা ব্যভিচাৰৰ জৰিয়তে জন্ম লাভ কৰোৱাই, অথবা আল্লাহৰ বাহিৰে আন বন্দেগীৰ লগত সম্পৃক্ত কৰি নাম ৰখাই। তথা সিহঁতৰ সন্মুখত মিছা প্ৰতিশ্ৰুতি আৰু অসত্য আকাংক্ষাবোৰক সুন্দৰ বনাই উপস্থাপন কৰগৈ। (হে মোৰ প্ৰিয় বান্দাসকল! জানি থোৱা) চয়তানে প্ৰৱঞ্চনা কৰাৰ বাবে কেৱল মিছা প্ৰতিশ্ৰুতিহে দিয়ে।