Assamese Abridged Explanation of the Quran
17:69 - 17:69

নে তোমালোকক আল্লাহে পুনৰ সাগৰৰ মাজলৈ নি প্ৰচণ্ড ধুমুহাৰ সন্মুখীন কৰিব নোৱাৰিব বুলি নিশ্চিন্ত হৈছা, কাৰণ আল্লাহে তোমালোকক প্ৰথমবাৰ ৰক্ষা কৰি যি উপকাৰ কৰিছিল তাক তোমালোকে অস্বীকাৰ কৰিছা, সেয়ে তেওঁ তোমালোকক ডুবাই মাৰিব। এনেকুৱা পৰিস্থিতিত কোনেও আমাৰ বিৰুদ্ধে তোমালোকৰ প্ৰতিশোধ লোৱাৰ দাবীও নকৰিব।