Assamese Abridged Explanation of the Quran
17:74 - 17:74

যদি আমি আপোনাক সত্যৰ ওপৰত মজবুতভাৱে প্ৰতিষ্ঠিত নকৰিলোঁহেতেন, তেন্তে সম্ভৱতঃ আপুনি সিহঁতৰ ফালে কিছু পৰিমাণে হ'লেও ধাৱিত হ'লহেঁতেন, আৰু সিহঁতৰ পৰামৰ্শ মানি ললেহেঁতেন। কাৰণ এফালে আছিল সিহঁতৰ ঘোৰ ষড়যন্ত্ৰ আৰু প্ৰৱঞ্চনা আৰু আনফালে আছিল সিহঁতক ঈমানৰ অৱস্থাত দেখিবলৈ আপোনাৰ প্ৰৱল হেপাঁহ। কিন্তু আমি আপোনাক সিহঁতৰ ফালে ধাৱিত হোৱাৰ পৰা ৰক্ষা কৰিছিলো।