Assamese Abridged Explanation of the Quran
17:85 - 17:85

হে ৰাছুল! আহলে কিতাবসকলৰ মাজৰ পৰা কাফিৰসকলে আপোনাক ৰূহৰ বাস্তৱিকতা সম্পৰ্কে প্ৰশ্ন কৰে। এতেকে আপুনি সিহঁতক কৈ দিয়ক, ৰূহৰ প্ৰকৃত তথ্য আল্লাহৰ বাহিৰে আন কোনেও নাজানে। তোমালোকক আৰু গোটেই সৃষ্টিজগতক যি জ্ঞান দিয়া হৈছে সেয়া আল্লাহৰ জ্ঞানৰ তুলনাত নিচেই নগন্য।