Assamese Abridged Explanation of the Quran
17:88 - 17:88

হে ৰাছুল! আপুনি জনাই দিয়ক, আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ দৰে এখন গ্ৰন্থ ৰচনা কৰিবলৈ যদি গোটেই জিনজগত আৰু মানৱজাতি একত্ৰিত হয়, তথাপিও সিহঁতে কোৰআনৰ দৰে সহজ সৰল, সুন্দৰ গঠন, সুশৃংখল গ্ৰন্থ কদাপিও ৰচনা কৰিব নোৱাৰে। যদিও ইজনে সিজনক সহায়-সহযোগিতা কৰে।