Assamese Abridged Explanation of the Quran
17:101 - 17:101

নিশ্চয় আমি মুছা আলাইহিচ্ছালামক নটা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলো, যিবোৰ তেওঁৰ সত্যতাৰ প্ৰমাণ আছিল, সেইবোৰ যেনেঃ লাখুটি, (উজ্জ্বল) হাত, দুৰ্ভিক্ষ, ফল-মূলৰ নাটনি, প্ৰবল ধুমুহা, কাকতি ফৰিং, ওকণি, ভেকুলী আৰু তেজ। এতেকে হে ৰাছুল! আপুনি ইয়াহুদীসকলক সুধি চাব যেতিয়া মুছা সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰত এই নিদৰ্শনবোৰ লৈ আহিছিল তেতিয়া ফিৰআউনে তেওঁক কৈছিলঃ হে মুছা! তুমি এইবোৰ যি আচৰিত বুস্তু লৈ আনা, মই ইয়াৰ ফলত তোমাক এজন যাদু সংক্ৰমিত ব্যক্তি বুলি ভাৱো।