Assamese Abridged Explanation of the Quran
17:104 - 17:104

ফিৰআউন আৰু তাৰ সৈন্যবাহিনীক ধ্বংস কৰাৰ পিছত আমি বনী ইছৰাঈলক আদেশ দিলো যে, তোমালোকে শ্বাম (ছিৰিয়া) দেশতগৈ বসবাস কৰা। কিয়ামতৰ দিনা আমি তোমালোক আটাইকে হাশ্বৰৰ ময়দানত হিচাপ নিকাচৰ বাবে একত্ৰিত কৰিম।