Assamese Abridged Explanation of the Quran
17:105 - 17:105

সত্যৰ সৈতে এই কোৰআন আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ কৰিছো। কোনো পৰিবৰ্তন আৰু বিকৃত নোহোৱাকৈ সত্যৰ সৈতে আমি তেওঁৰ ওপৰত অৱতীৰ্ণ কৰিছো। হে ৰাছুল! মুত্ত্বাক্বীসকলক জান্নাতৰ সুসংবাদ দিবলৈ আৰু কাফিৰ তথা পাপিষ্ঠসকলক জাহান্নামৰ পৰা সাৱধান কৰিবলৈ আমি আপোনাক প্ৰেৰণ কৰিছো।