Assamese Abridged Explanation of the Quran
18:21 - 18:21

যিদৰে আমি তেওঁলোকৰ লগত বহুতো আশ্চৰ্যজনক কাম কৰিছোঁ, যেনেঃ বহুত বছৰলৈকে টোপনি প্ৰদান কৰা, তাৰ পিছত টোপনিৰ পৰা জগাই তোলা, ঠিক সেইদৰে আমি নগৰৰ অধিবাসীসকলকো অৱগত কৰাইছিলো, যাতে তেওঁলোকে পতিয়ন যায় যে, আল্লাহে মুমিনসকলক সহায় কৰাৰ আৰু মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰাৰ যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য। আৰু নিশ্চিতভাৱে কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই। এতেকে যেতিয়া গুহাত অৱস্থান কৰা লোকসকলৰ বিষয়টো উন্মোচন হ'ল আৰু তেওঁলোকৰ মৃত্যু হ'ল, তেতিয়া তেওঁলোকৰ পৰিচিত লোকসকলৰ মাজত এই বিষয়টোলৈ মতভেদ সৃষ্টি হ'ল যে, তেওঁলোকৰ বিষয়ে কি কৰা উচিত? তেতিয়া কিছুসংখ্যক লোকে ক'লেঃ গুহাৰ দুৱাৰডলিত এটা অট্টালিকা নিৰ্মাণ কৰা হওক, ফলত এওঁলোক অন্তৰালত থাকিব আৰু সুৰক্ষিত থাকিব। তেওঁলোকৰ প্ৰতিপালক তেওঁলোকৰ বিষয় অধিক অৱগত। এতেকে তেওঁলোকৰ অৱস্থাই প্ৰমাণ কৰে যে, তেওঁলোক আল্লাহৰ ওচৰত বিশেষ স্থানপ্ৰাপ্ত। আনহাতে সেইসকল লোকৰ মাজত থকা প্ৰভাৱশালী লোকসকলে (যিসকলৰ ওচৰত কোনো জ্ঞান নাছিল তথা সঠিক দাৱাতৰ অভাৱ আছিল) ক'লেঃ আমি এই স্থানত তেওঁলোকৰ সন্মানাৰ্থে তথা স্মৃতিৰ বাবে এখন মছজিদ নিৰ্মাণ কৰিম।