Assamese Abridged Explanation of the Quran
18:29 - 18:29

হে ৰাছুল! আপুনি সেইসকল লোকক কৈ দিয়ক যিসকলৰ অন্তৰ আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী হৈ আছেঃ মই যি লৈ আহিছো সেইটোৱে সত্য। সেইটো হৈছে আল্লাহৰ ফালৰ পৰা, মোৰ ফালৰ পৰা নহয়। মুমিনসকলক মোৰ বৈঠকৰ পৰা আঁতৰাই দিয়াৰ যি দাবী তোমালোকে উত্থাপন কৰিছা সেই দাবী মই কদাপিও মানি লব নোৱাৰিম। এতেকে তোমালোকৰ মাজৰ যিয়ে এই সত্যৰ প্ৰতি ঈমান আনিব বিচাৰে সি ঈমান আনিব পাৰে। অনতিপলমে সি প্ৰতিদান পাই সন্তুষ্ট হ'ব। আনহাতে যিয়ে কুফৰী কৰিব বিচাৰে, সি কৰিব পাৰে। অতি সোনকালে সি শাস্তি ভোগ কৰিব, যি শাস্তি তাৰ অপেক্ষাত আছে। নিশ্চয় যালিমসকলৰ বাবে আমি জাহান্নাম প্ৰস্তুত কৰি ৰাখিছো, সেই জাহান্নামে সিহঁতক পৰিবেষ্টন কৰি ৰাখিব। সিহঁতে কেতিয়াও তাৰ পৰা পলায়ন কৰিব নোৱাৰিব। যদি তীব্ৰ পিয়াঁহত সিহঁতে পানী খাবলৈ বিচাৰে তেন্তে সিহঁতক উতলা গৰম পানী দিয়া হ'ব, যি পানীৰ গৰমত সিহঁতৰ মুখমণ্ডলৰ ছাল খহি পৰিব। কিমান যে নিকৃষ্ট সেই পানীয় যিটো সিহঁতক খাবলৈ দিয়া হ'ব। কিয়নো ইয়াৰ ফলত তৃষ্ণা নিবাৰণ হোৱাৰ পৰিবৰ্তে আৰু অধিক বেছিহে হ'ব। আৰু সেই অগ্নিশিখাও নিৰ্বাপিত নহ'ব যি শিখাই সিহঁতৰ ছাল খহাই পেলাব। জাহান্নাম কিমান যে নিকৃষ্ট ঠিকনা য’ত সিহঁতে অৱস্থান কৰিব। আৰু কিমান যে নিকৃষ্ট বাসস্থান য’ত সিহঁতে বসবাস কৰিব।