Assamese Abridged Explanation of the Quran
20:7 - 20:7

হে ৰাছুল! আপুনি উচ্চস্বৰে কথা কওক অথবা নিম্নস্বৰে, পৱিত্ৰ আল্লাহে সকলো জানে। তেওঁ গোপন বিষয় তথা গোপন বিষয়তকৈও গোপন, যেনে অন্তৰত উৎপন্ন হোৱা ভাৱনা সম্পৰ্কেও অৱগত। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়।