Assamese Abridged Explanation of the Quran
20:77 - 20:77

নিশ্চয় আমি মূছাৰ প্ৰতি অহী কৰিছিলোঁ যে, তুমি ৰাতিৰ ভিতৰতেই মোৰ বান্দাসকলক লগত লৈ মিচৰৰ পৰা ৰাওনা হোৱা, যাতে কোনেও একো গম নাপায়। আৰু সাগৰত তোমাৰ লাখুটিৰে আঘাত কৰি তেওঁলোকৰ বাবে শুকান ৰাস্তা বনাই লোৱা, তথা সম্পূৰ্ণ নিৰাপত্তাৰ সৈতে আৰু কোনো ভয়-ভীতি নোহোৱাকৈ আগুৱাই যোৱা, এই ভয় কেতিয়াও নকৰিবা যে, ফিৰআউনে তোমালোকক ধৰিব পাৰিব অথবা তোমালোক সাগৰত ডুবি যাবা।