Assamese Abridged Explanation of the Quran
20:86 - 20:86

এতেকে মূছা আলাইহিচ্ছালামে দুখ মনেৰে আৰু ক্ৰোধান্বিত হৈ নিজৰ সম্প্ৰদায়ৰ অভিমূখে ৰাওনা হ'ল। মূছা আলাইহিচ্ছাম আহি ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! আল্লাহে তোমালোকক ভাল প্ৰতিশ্ৰুতি দিয়া নাছিলনে যে, তেওঁ তোমালোকৰ ওপৰত তাওৰাত অৱতীৰ্ণ কৰিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব? দীৰ্ঘ সময় অতিবাহিত হোৱাৰ কাৰণে পাহৰি গৈছা নেকি? অথবা তোমালোকে এই কৰ্মৰ দ্বাৰা তোমালোকৰ প্ৰতিপালকৰ গজব অৱতীৰ্ণ হোৱাটো কামনা কৰা নেকি, যাতে তোমালোকে শাস্তিত পতিত হোৱা, সেইকাৰণেই তোমালোকে আনুগত্যৰ ওপৰত অবিচল থকাৰ যি প্ৰতিশ্ৰুতি মই দিছিলোঁ সেইটো ভঙ্গ কৰিছা?!