Assamese Abridged Explanation of the Quran
20:87 - 20:87

মূছাৰ সম্প্ৰদায়ৰ লোকসকলে ক'লেঃ হে মূছা! আমি আপোনাৰ প্ৰতিশ্ৰুতি নিজ ইচ্ছানুসাৰে ভংগ কৰা নাই, বৰং বাধ্যত পৰিহে ভংগ কৰিছোঁ। দৰাচলতে আমাৰ ওচৰত ফিৰআউন জাতিৰ আ-অলংকাৰৰ ভাৰি বোজা আছিল, যিবোৰৰ পৰা হাত সাৰিবলৈ আমি সেইবোৰক এটা গাতত নিক্ষেপ কৰিছিলোঁ। এতেকে যিদৰে আমি নিক্ষেপ কৰিছিলোঁ, ঠিক সেইদৰে ছামিৰিয়েও তাৰ ওচৰত থকা জিব্ৰীল আলাইহিচ্ছালামৰ ঘোঁৰাৰ খুৰৰ মাটি নিক্ষেপ কৰিছিল।