Assamese Abridged Explanation of the Quran
20:114 - 20:114

এতেকে আল্লাহ সুউচ্চ, পৱিত্ৰ তথা প্ৰতাপী। তেওঁ মালিক, সকলো বস্তু তেওঁৰেই অধীনস্থ। তেওঁ সত্য, তেওঁৰ সকলো কথা সত্য। মুশ্বৰিকসকলে তেওঁৰ বিষয়ে উত্থাপন কৰা সকলো বিষয়ৰ পৰা তেওঁ মহাঊৰ্দ্ধত। হে ৰাছুল! জিব্ৰীলে আপোনালৈ কোনো বিষয় সম্পূৰ্ণভাৱে পৌঁচাই দিয়াৰ পূৰ্বে আপুনি তেওঁৰ সৈতে কোৰআন পাঠ কৰাত খৰধৰ নকৰিব। বৰং আপুনি এইটো কওক যে, হে মোৰ প্ৰতিপালক! তুমি মোক যি জ্ঞান দান কৰিছা, ইয়াৰ লগতে আৰু অধিক জ্ঞান প্ৰদান কৰা।