Assamese Abridged Explanation of the Quran
20:115 - 20:115

অৱশ্যে ইয়াৰ পূৰ্বে আমি আদমক (নিৰ্দিষ্ট এটা) গছৰ পৰা ফল ভক্ষণ নকৰিবলৈ উপদেশ দিছিলোঁ, অৰ্থাৎ ফল ভক্ষণ কৰিবলৈ নিষেধ কৰিছিলোঁ। আৰু ইয়াৰ পৰিণাম সম্পৰ্কে অৱগত কৰাইছিলোঁ। কিন্তু তেওঁ আমাৰ আদেশ পাহৰি গৈছিল, আৰু সেই গছৰ ফল ভক্ষণ কৰিছিল, ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল। আমি তেওঁৰ মাজত আমাৰ আদেশ পালন কৰাৰ দৃঢ় সংকল্প দেখা পোৱা নাছিলোঁ।