Assamese Abridged Explanation of the Quran
20:120 - 20:120

ইপিনে চয়তানে আদমক ভ্ৰমিত কৰিবলৈ প্ৰয়াস আৰম্ভ কৰিলে আৰু ক'লেঃ মই তোমালোকক এনেকুৱা এটা গছৰ সন্ধান দিম নেকি, যি গছৰ ফল ভক্ষণ কৰিলে মানুহে অমৰত্ব লাভ কৰে, সি কেতিয়াও মৃত্যুবৰণ নকৰিব, বৰং সি চিৰকাল জীৱিত থাকিব। তথা এনেকুৱা নিৰন্তৰ পৰিচালিত ৰাজ্যৰ মালিক হ'ব, যিটো কেতিয়াও নিঃশেষ নহ'ব।